কলিয়াবৰৰ সোণাৰী গাৱঁৰ মিৰিভেটি গাৱঁৰ দুগৰাকীকৈ বিবাহপাশত আবদ্ধ হোৱা এইগৰাকী ব্যক্তি তপাহলা বাগানৰ এগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাত ধৰা পৰে৷
মহিলাগৰাকী স্বামী কৰ্মসুত্ৰে বহিৰাজ্যত থকাৰ সুবিধা লৈ দুবাৰকৈ বিবাহিত আৰু দুটি সন্তানৰ পিতৃ পুৰুষজনে মহিলাগৰাকীৰ লগত চলাই আহিছিল অবৈধ প্ৰেম।
পিছে এইবাৰ বপুৰা পৰিল ৰাইজৰ ৰোষত৷ গোপন প্ৰেম ফাদিল হ’ল৷ অসংযত অৱস্থাত ধৰা পেলালে স্থানীয় ৰাইজে৷ তাৰপাছতেই উত্তেজিত লোকে
উত্তম-মাধ্যম সোধাই চমজাই দিয়ে জখলাবন্ধা আৰক্ষীক৷
দুয়ো বৰ্তমান জখলাবন্ধা আৰক্ষীৰ লকাপত।