ৰাজ্যবাসীৰ বাবে দুঃসংবাদ, হেৰাই গ’ল ৰেডিঅ’ৰ এটা চিনাকি কণ্ঠৰাজ্যবাসীৰ বাবে দুঃসংবাদ, হেৰাই গ’ল ৰেডিঅ’ৰ এটা চিনাকি কণ্ঠ

Share and Enjoy !

Shares

আজি অভিশপ্ত ৩০অক্টোবৰ । অসমবাসীৰ বাবে এটি ক’লা দিন। ২০০৮ চনত আজিৰ দিনটোতে সংঘটিত হৈছিল ধাৰিবাহিক বোমা বিস্ফোৰণৰ ঘটনা।

 

এক ভয়ংকৰ বোমা বিস্ফোৰণত কঁপিছিল অসম। কঁপাই গৈছিল গুৱাহাটীৰ,গনেশগুৰি,পাণবজাৰ আৰু কাছাৰীকে ধৰি বৰপেটা ৰোডত ২টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত ২টাকৈ বিস্ফোৰণে ।

 

নিৰীহৰ তেজেৰে ফাঁকু খেলিছিল NDFBয়ে।

 

২০০৮ চনৰ ৰাজ্য কঁপাই যোৱা সেই ধাৰাবাহিক বোমা বিস্ফোৰণে পাৰ কৰিলে ১৭ টা বছৰ। ২০০৮ চনৰ আজিৰ এই দিনটোতে অসমৰ চাৰি ঠাইত উগ্ৰপন্থীয়ে বোমা বিস্ফোৰণ কৰিছিল। NDFB বাহিনীয়ে অভিশপ্ত এই দিনটোতে খেলিছিল তেজৰ ফাঁকু।

 

এই বোমা বিস্ফোৰণত বহুতো নিৰীহে প্ৰাণ হেৰুৱাৰ লগতে একাংশৰ জীৱনলৈ কঢ়িয়াই আনিছিল পঙ্গুত্ব। আজিৰ দিনটোতে হোৱা ধাৰাবাহিক বোমা বিস্ফোণত নিহত নিৰীহৰ স্মৃতিয়ে আজিও শোকস্তব্ধ কৰি তোলে ৰাজ্যবাসীক । এই হত্যালীলাৰ স্মৃতিয়ে আজিও শোকৰ উদ্ৰেক সৃষ্টি কৰে ভুক্তভোগীৰ পৰিয়ালত।

 

সেই ভয়াবহ বিস্ফোৰণে কালনিশা নমাই অনা পৰিয়াল কেইটিৰ চকুত আজিও বৈ আছে চকুলো। নিজৰ আপোনজনক হেৰুৱাৰ বেদনাই আজিও আামনি কৰে তেওঁলোকক। ১৭ বছৰৰ আগৰ আজিৰ এই দিনটোতে বহুতে হেৰুৱাইছিল নিজৰ আত্মীয়ক। কোনেৱে যদি হেৰুৱাইছিল নিজৰ সন্তানক, কোনোৱে হেৰুৱাইছিল নিজৰ স্বামী, পত্নী, সহোদৰক, কোনো হৈছিল মাউৰা।

 

চৰকাৰে ভুক্তভোগীৰ পৰিয়ালক দিয়া সংস্থাপনৰ প্ৰতিশ্ৰুতি আজিও পুৰণ নকৰিলে। সেই অভিশপ্ত দিনটোত সৰ্বস্ব হেৰুৱা কোনোৱে যদি দিছে পাণ-তামোলৰ দোকান, কোনোৱে বিক্ৰী কৰিছে শাক-পাচলি।

 

এই ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত বিদ্ৰোহী সংগঠন এন ডি এফ বি ৰঞ্জন দৈমাৰীসহ ১৪ জনক ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল আৰু যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল।।

 

ঘটনাৰ তদন্ত কৰি দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চি বি আয়ে ।চাৰ্জশ্বীটত ২২ জনৰ নাম আছিল যদিও ৭ জন পলাতক আছিল । আদালতত উপস্থিত থকা ১৫ জনৰ ভিতৰত ১৫ জনকে দোষী সাব্যস্ত কৰিছিল আদালতে ।

 

বিস্ফোৰণত দোষী সাব্যস্ত হোৱাসকল হৈছে ক্ৰমে ৰঞ্জন দৈমাৰী, জৰ্জ বড়ো, জয়ন্তী ব্ৰহ্ম, অজয় বসুমতাৰী, প্ৰভাত বড়ো, ৰাজু চৰকাৰ, খৰ্গেশ্বৰ বসুমতাৰী, মৃদুল গয়াৰী, বি থৰাই ওৰফে বৈশাগী, মথুৰাম ব্ৰহ্ম, আনচাই বড়ো, ইন্দ্ৰ ব্ৰহ্ম, লক’ বসুমতাৰী, ৰাজেন গয়াৰী আৰু নীলিম দৈমাৰী । আনহাতে পৰৱৰ্তী সময়ত কেইজনমানক দোষমুক্ত ঘোষণা কৰিছিল উচ্চ ন্যায়ালয়ে ।

 

৩০ অক্টোবৰৰ ।সেই অভিশপ্ত দিনটোৰ কথা স্মৰণ কৰি আজি সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

 

মুখ্যমন্ত্রীয়ে কয়, “২০০৮ চনৰ ৩০ অক্টোবৰ৷ অসমৰ ইতিহাসৰ এটি ক’লা দিন । সন্ত্ৰাসবাদীৰ বৰ্বৰতাত প্ৰাণ হেৰুৱাইছিল সেইদিনা বহু নিৰীহ লোকে । চিৰদিনৰ বাবে ঘুণীয়া হৈছিল বহুতো । উক্ত দিনটোত অকালতে প্ৰাণ হেৰুওৱা প্ৰতিজনকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আহত হোৱা প্ৰতিগৰাকী তথা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো ।”

Leave a Reply

Your email address will not be published. Required fields are marked *