ৰৌতা আৰক্ষীৰ বৃহৎ সফলতা।ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত মোবাইল হেৰুৱাৰ দৰে ঘটনা সংঘটিত হৈ আহিছিল।মোবাইলৰ গৰাকীয়ে ৰৌতা আৰক্ষী থানাত মোবাইল হেৰুৱা সন্দৰ্ভত লিখিত আবেদন কৰিছিল।মোবাইলৰ গৰাকী সকলৰ আবেদনৰ ভিত্তিত ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকাৰ নেতৃত্বত মোবাইলৰ শুংসূত্ৰ বিচাৰি আৰম্ভ কৰিছিল তদন্ত ।এমাহ জোৰা তদন্তৰ অন্তত ৰৌতা আৰক্ষীয়ে অৱশেষত ১৪টাকৈ মোবাইল হেনেচেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।আজি দিনৰ ২:০০বজাত ৰৌতা থানাত ওদালগুৰি জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত ১৪গৰাকী ব্যক্তিক উদ্ধাৰ কৰা মোবাইল হেনচেটসমূহ প্ৰদান কৰে ।হেৰুৱা মোবাইল উদ্ধাৰ কৰি দিয়াৰ বাবে মোবাইলৰ গৰাকীয়ে ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে প্ৰশাসনক ধন্যবাদ জনায় ।