আজি ১৮ নৱেম্বৰ ২০২৫ জুবিন গাৰ্গ বিহীন তেওঁৰ প্ৰথমটো ওপজা দিন।যোৱা ১৮ ছেপ্টেম্বৰৰ সেই অভাউনীয় ঘটনা প্ৰবাহৰ পিছৰ পৰা আজিৰ এই মূহুৰ্তলৈ অসমৰ প্ৰতিজন, প্ৰতিটো বয়সৰ লোক আজিও এক অস্বস্তিকৰ পৰিস্থিতিৰ মাজত জীৱন কটাই আছে। জীৱন আৰু জীৱিকাৰ তাড়নাত স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰখাৰ মাজতো প্ৰতিজন লোকৰ মন মগজুত ঈশ্বৰ পুত্ৰৰ অকাল মৃত্যুৰ ন্যায়ৰ যুঁজখনো ভিন্নভাৱে অব্যাহত আছে। কিন্তু তাৰ মাজতো কিছু লোকৰ অমানৱীয় আচৰণে যুঁজ খনৰ সফলতাৰ ক্ষেত্ৰত এক অনিশ্চয়তাৰ মাজলৈ যোৱাৰ যেন এক পৰিৱেশ গঢ়ি তোলাৰ এক প্ৰেক্ষাপট সৃষ্টি হৈছে যেন অনুভৱ হয়। জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ বাবে আমি আজি সকলোৱে ব্যস্ত। শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাটো নিশ্চয় আমাৰ এক জাতীয় দায়িত্ব। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলি থকা উৎসৱসমূহতো তেওঁক স্মৰণ কৰা হৈছে। গ্ৰন্থমেলাসমূহত তেওঁৰ জীৱন যাত্ৰাৰ বৰ্ণনাৰে বিভিন্ন গ্ৰন্থ প্ৰকাশ হৈছে ।এইবোৰ অতি ধনাত্মক চিন্তা চেতনা।
ইয়াৰ সমান্তৰালভাৱে শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিও তেওঁৰ স্মৃতি স্থায়ী কৰাৰ বাবেও পদক্ষেপ অব্যাহত আছে। ঠাই ভেদে আকৌ এই ক্ষেত্ৰত ৰাজনৈতিক মতবাদে ঠাই পাইছে। আমি ক’ব নোৱাৰাকৈ যেন আমি বোৰ ৰাজনীতিৰ চিকাৰ হৈছো। “পলিটিক্স নকৰিবা বন্ধু” বুলি কোৱা শিল্পীগৰাকীৰ অনুৰাগীৰ মাজত এনে ৰাজনৈতিক মতভেদ শোভা নাপায়। আমি উৎসৱৰ মাজত থাকোতেই চৰকাৰে গঠন কৰা ন্যায়িক আয়োগত সাক্ষী দিবলৈ যেন সময় আমি সময় উলিয়াব পৰা নাই। প্ৰাপ্ত তথ্য মতে, এতিয়ালৈ মাত্ৰ ১৪খন আবেদন আয়োগত জমা হৈছে। অসমৰ ৰাইজে ভগৱানৰ মৰ্য্যদা প্ৰদান কৰা ঈশ্বৰ প্ৰদত্ত সত্তাৰ গৰাকীক একাংশই আকৌ নিকৃষ্টভাৱে উপস্থাপন কৰিবলৈও কুণ্ঠাবোধ কৰা নাই।সাধাৰণতে অসমীয়া লোকৰ স্মৃতি ৪০দিনীয়া বুলি এটা বদনাম আছে।কিন্তু জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পিছত অৱশ্যে আমাৰ স্মৃতি আজি ৬০ দিনলৈ সজীৱ হৈ আছে। এতিয়া এই সজীৱতা আমি আৰু অধিক শক্তিশালী ৰূপত সজীৱ কৰি ৰাখিব লাগিব।নহ’লে আজিও সক্ৰিয় হৈ থকা সেই পশক্তিয়ে আমাৰ ন্যায়ৰ যুঁজখন ব্যৰ্থ কৰি তুলিব।
আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনৰ এই পৱিত্ৰ দিনটোত আমি সকলোৱে এই সংকল্প লোৱা নিশ্চয় উচিত হ’ব।
ত