Share and Enjoy !

Shares

যাদু নগৰী খ্যাত মায়ঙত শোকৰ ছাঁ। মায়ঙৰ পৰ্যটন ক্ষেত্ৰলৈ বৃহৎ ক্ষতি। যাদুকৰ ৰনেন্দ্ৰ নাথৰ অকাল বিয়োগ।

মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় যাদু শিল্পী গৰাকীৰ। আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি ৰজা মায়ঙৰ ঘৰলৈ লৈ যায় ৰনেন্দ্ৰৰ মৃতদেহ।

মায়ঙৰ চনকাত যাদু দেখুৱাই ঘৰলৈ উভতিবৰ সময়ত এক বাইক দুৰ্ঘটনাত পতিত হৈ এসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল। ৪৩ বছৰ বয়সত যাদু শিল্পী গৰাকীৰ মৃত্যুৰ খৱৰে মায়ঙত শোকৰ ছা পৰে। ৰনেন্দ্ৰ কেৱল যাদু শিল্পীয়েই নাছিল, কৌতুক অভিনয়,সংগীত চৰ্চা আদিও সমানেই চলাই নিছিল।

দেশ বিদেশৰ অগনন পৰ্যটকক নিজৰ যাদু কলাৰে মনোৰঞ্জন দিব পাৰিছিল ৰনেন্দ্ৰ নাথে। যোৱা দুটা দশকত মায়ঙৰ পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছিল ৰনেন্দ্ৰ। ৰনেন্দ্ৰৰ ৰজা মায়ঙৰ ঘৰত প্ৰায় প্ৰতিদিনেই ভিৰ কৰিছিল দেশ বিদেশৰ পৰ্যটকে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *