Share and Enjoy !

Shares

আজি দিছপুৰ লোকসেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উচ্ছেদত লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বৰ্তমানলৈ ১,২৫,৩২৬ বিঘা ভূমি মুকলি কৰা হৈছে। ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰিয়ে কমিটি গঠন কৰা হ’ব। বনাঞ্চলৰ সীমা নিৰ্ধাৰণৰ বাবেই এই কমিটি গঠন কৰা হৈছে। জিলা আয়ুক্ত আৰু বন বিভাগৰ নেতৃত্বত গঠন হ’ব কমিটি। কাৰোবাৰ আপত্তি থাকিলে কমিটিত কৰিব পাৰিব আবেদন।

লগতে SCৰ ৰায়দানক ঐতিহাসিক ৰায়দান বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কমিটিৰ মুৰব্বী হিচাপে থাকিব জিলা আয়ুক্ত গৰাকী। খিলঞ্জীয়া ভূমি পুত্ৰসকলে লাভ কৰিব বনভূমি পট্টাৰ অধিকাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *