ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতে চামগুৰিত শোকাৱহ পথ দুৰ্ঘটনা।।তীব্ৰবেগী এখন বাহনে মহতিয়াই নিলে এগৰাকী মহিলাক ।
চামগুৰি সোণাৰীবালিৰ দৈনিক বজাৰ আৰু সোণাৰী বালি কলংপাৰ সংযোগী পথত তীব্ৰ বেগী এখন বাহনে মহতিয়াই নিলে এগৰাকী মহিলাক ।
পথৰ দাঁতিত বহি থকা অৱস্থাত মহতিয়াই নিয়ে কুলবানো নামৰ মহিলা গৰাকীক।নিৰ্মীয়মান অৱস্থাত থকা পথটোৰ নিৰ্মানকাৰী ঠিকাদাৰৰ গাফিলতিৰ ফলতেই দুৰ্ঘটনাটো হোৱা বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজে।