Share and Enjoy !

Shares

গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত মৰ্মান্তিক দুৰ্ঘটনা । বৃহস্পতিবাৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেতকুছিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । দুখন ট্ৰাকৰ মাজত সংঘটিত হয় সংঘৰ্ষ।সংঘৰ্ষত থিতাতে নিহত হয় দুজন লোক।।

ঘটনা সন্দৰ্ভত স্থানীয় লোকে জনোৱা অনুসৰি, খানাপাৰা অভিমুখে গৈ থকা AS-০১-PC-৯৯৫৫ নম্বৰৰ এখন ১৬ চকীয়া ট্ৰাকক পিছফালৰ পৰা WB-৫৭-E-৫৫০৭ নম্বৰৰ আন এখন ১৬ চকীয়া ট্ৰাকে খুন্দা মাৰে । দুৰ্ঘটনাত দুয়োখন ট্ৰাকৰে বিস্তৰ ক্ষতি হয় ।

সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ ঘটনাস্থলীতে মৃত্যু হয় । ট্ৰাকখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ধ্বংস হয় ।

দুৰ্ঘটনাৰ ফলত ঘাইপথৰ দুয়োফালে বহু যান-বাহন আবদ্ধ হৈ পৰে । দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে গড়চুক থানাৰ যান-বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় । আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *