ইলেক্ট্ৰনিক চিপ নিৰ্মাণ কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড।অগ্নিকাণ্ডৰ ফলত পাঁচজন অগ্নিনিৰ্বাপক বাহিনীৰ লোক গুৰুতৰভাৱে আহত হয় ।
অগ্নিনিৰ্বাপক বাহিনীৰ লোককেইজনক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত সহকৰ্মী আৰু আৰক্ষী লোকে চিকিৎসালয়লৈ লৈ যায় । ইপিনে চিকিৎসালয়ত চিকিৎসকৰ এটা দলে তেওঁলোকৰ চিকিৎসা আৰম্ভ কৰে যদিও চিকিৎসাৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ ফায়াৰমেন ৰোহিত যাদৱ আৰু মুখ্য কনিষ্টবল তথা চালক তীৰ্থপাল সিঙৰ মৃত্যু হয়৷
দুৰ্ঘটনাত আহত আন তিনিজন কৰ্মী চিকিৎসাধীন হৈ আছে। আহত কৰ্মীকেইজন চিফ কনষ্টেবল ড্ৰাইভাৰ ৰাজপাল সিং, ফায়াৰমেন মনিষ কুমাৰ আৰু ফায়াৰমেন অমিত কুমাৰ বুলি জানিব পৰা গৈছে
চিকিৎসকে বৰ্তমান তেওঁলোক বৰ্তমান বিপদৰ পৰা মুক্ত বুলি প্ৰকাশ কৰিছে। গ্ৰেটাৰ নয়ডাৰ এটা ইলেক্ট্ৰনিক চিপ নিৰ্মাণ কোম্পানীত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো
আনহাতে, উদ্ধাৰকাৰী দলে অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হৈছিল, সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷