Share and Enjoy !

Shares

হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টকৌবাৰী ৰে’লৱে অ’ভাৰ ব্ৰীজৰ সমীপত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত অভিযান। অভিযানত বৃহৎ গৰু চুৰি কাৰ্যৰ উদ্ধাৰ

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ তদাৰকত আন দিনাৰ দৰেই মঙলবাৰে নিশাও হেলেম আৰক্ষীৰ এটা দলে অঞ্চলটোত নৈশ অভিযান চলাই আছিল। মাজ নিশা প্ৰায় ৩ বজাত অভিযানকাৰী দলটো টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰে’লৱে অ’ভাৰ ব্ৰীজৰ সমীপত উপস্থিত হয়। সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টকৌবাৰী গাঁৱলৈ সোমোৱা পথটোৰ সমীপত বাঁহনি আৰু জংঘলৰ কাষত এক সন্দেহজনক অৱস্থাত এখন ‘বলেৰ’ পিক-আপ’ বাহন ৰখাই থোৱা পৰিলক্ষিত হয়।

আৰক্ষীৰ দলটো অহা প্ৰত্যক্ষ কৰি গৰু চুৰি চক্ৰটোৱে লৰালৰিকৈ আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

জানিব পৰা মতে, সংঘবদ্ধ চোৰৰ দলটোৱে ছটা গৰু বাহনখনত উঠাবলৈ চেষ্টা চলাই আছিল আৰু ইতিমধ্যে এটা গৰু তুলিছিল। কিন্তু আৰক্ষীৰ উপস্থিতিত আঁচনি ব্যৰ্থ হয়।

ইপিনে আৰক্ষীৰ ওমান পাই চোৰৰ দলটো পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে বাহনখন আৰু ৬ টা গৰু জব্দ কৰি থানালৈ লৈ আনে। পৰৱৰ্তী সময়ত তদন্তত পোহৰলৈ আহে যে উক্ত গৰু ছটা টকৌবাৰী গাঁৱৰ বাসিন্দা নৰেন্দ্ৰ নৰহ নামৰ ব্যক্তিগৰাকীৰ গোহালিৰ পৰা চুৰি কৰি অনা হৈছিল। লগতে জব্দ কৰা নগাঁও পঞ্জীয়নৰ বলেৰ’ পিক-আপ বাহনখনৰ নথি-পত্ৰ আৰু নম্বৰৰ পৰা উপযুক্ত তথ্য উলিয়াই সমগ্ৰ গৰু চুৰি চক্ৰটোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ বৃহত্তৰ হেলেম অঞ্চলৰ ৰাইজে হেলেম আৰক্ষীৰ ওচৰত দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *