লংকা পৌৰসভাৰ ৩ নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত স্থানীয় গোপাল দাস আৰু পংকজ দাস নামৰ দুগৰাকী ব্যক্তিৰ পৰিয়ালৰ আৱাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
প্রাথমিক সন্দেহ অনুসৰি, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰাই এই লেলিহান জুইৰ সূত্ৰপাত ঘটে আৰু নিমিষতে জুই বিয়পি পৰে।
অগ্নিকাণ্ডৰ ফলত দুয়োটা পৰিয়ালৰ ঘৰত থকা সকলো আচবাব, পৰিধানৰ বস্ত্ৰ আৰু মূল্যৱান সামগ্ৰীৰ লগতে জুইত পৰিয়াল দুটাৰ অত্যন্ত প্ৰয়োজনীয় নথিপত্ৰৰ
আৰু সঞ্চিত নগদ ধন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সা-সম্পত্তি ধ্বংস হোৱা বুলি অনুমান কৰা হৈছে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগেই স্থানীয় অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱাৰ বাহন ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ প্ৰচেষ্টা চলাই জুই নিয়ন্ত্ৰণলৈ আনে, যাৰ ফলত জুই কাষৰীয় অঞ্চললৈ বিয়পি পৰাৰ পৰা ৰক্ষা পৰে।
স্থানীয় ৰাইজে ভুক্তভোগী পৰিয়াল দুটাক জৰুৰী চৰকাৰী সহায়-সাহাৰ্য আগবঢ়াবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে।