Share and Enjoy !

Shares

হোজাই জিলাৰ ডবকাৰ ভগীৰাম গাঁৱত শোকাৱহ ঘটনা।

পাহাৰত শিল সংগ্ৰহ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী দৰিদ্ৰ মহিলাই।

একেটা ঘটনাতে গুৰুতৰভাৱে আহত হয় মহিলাগৰাকীৰ নাবালক পুত্ৰ। নিহত মহিলাগৰাকীক জুছনাৰা বেগম বুলি চিনাক্ত কৰা হৈছে। আনহাতে, আহত নাবালক পুত্ৰজনৰ নাম ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, জুছনাৰা বেগমে জীৱিকাৰ তাড়নাত পাহাৰত শিল সংগ্ৰহ কৰি থকা অৱস্থাতে হঠাৎ পাহাৰৰ মাটি খহি তেওঁৰ ওপৰত পৰে। ফলত মাটিৰ তলত পোত গৈ ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে।

এই ঘটনাত তেওঁৰ নাবালক পুত্ৰ ৰফিকুল ইছলামো গুৰুতৰভাৱে আহত হয়। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত হুৱাদুৱা লাগে।

খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় ডবকা আৰক্ষী। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। দৰিদ্ৰতাৰ সৈতে যুঁজ দি জীৱিকাৰ সন্ধানত ওলাই যোৱা এগৰাকী মহিলাৰ এনে কৰুণ মৃত্যুৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *