Share and Enjoy !

Shares

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত চাঞ্চল্য।

এইবাৰ পানীৰ টেংকিত ওলাল মৃত বান্দৰ।

এসপ্তাহৰ ধৰি বান্দৰ ওপঙি থকা পানীয়ে নিত্য নৈমিত্তিক কামত ব্যৱহাৰ কৰিলে ছাত্ৰসকলে।

কাৰ গাফিলতিৰ বাবে এনেধৰণৰ গাফিলতি হ’বলৈ পালে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দৰে এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানত?

দুৰ্গা পূজাৰ পৰাই উক্ত টেংকিৰ পানী গ্ৰহণ কৰিছিল ছাত্ৰসকলে।

হোষ্টেলৰ মেছৰ খাদ্যও প্ৰস্তুত কৰিছিল উক্ত পানীৰে।

সকলে খোৱা পানীৰ গোন্ধ পোৱাৰ পিছত পোহৰলৈ আহিল ওৰহীৰ ওৰ।

উক্ত পানী গ্ৰহণ কৰি প্ৰায় ৫০ জনৰো অধিক ছাত্ৰ সংকটজনক অৱস্থাত জালুকবাৰীস্থিত আয়ুৰ্বেদিক মহাবিদ্যালয়ত ভৰ্তি

তাৰে ভিতৰৰ এতিয়া কিছুসংখ্যক সুস্থ যদিও এতিয়াও বহু ছাত্ৰ চেলাইন লৈ হোষ্টেলৰ বিছনাত পৰি থাকিব লগা হৈছে।

হোষ্টেল কৰ্তৃপক্ষই ইমান দিনে কোনো ধৰণৰ পৰ্যবেক্ষণ কৰা নাছিল নেকি উক্ত পানী ৰে ভৰ্তি টেংকি সমূহৰ?

ইয়াৰ পূৰ্বেও খোৱা পানীৰ নাটনিৰ বাবে প্ৰতিবাদত বহিব লগা হৈছিল ছাত্ৰ সমাজ।

Leave a Reply

Your email address will not be published. Required fields are marked *