থাইলেণ্ড- কম্বোডিয়াৰ বিবাদিত সীমান্তত পুনৰ যদ্ধসদৃশ পৰিবেশৰ সৃষ্টি হৈছে।
দুয়োখন দেশে পৰস্পৰৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ তুলিছে।
থাইলেণ্ডে কম্বোডিয়াৰ সামৰিক শিবিৰৰ ওপৰত বিমানেৰে আক্ৰমণ চলোৱা দেখা যায়।
ইয়াৰ পাছতে কম্বোডিয়াৰ সীমান্তৰ বাসিন্দাসকলে সুৰক্ষাৰ বাবে নিজৰ ঘৰ-বাৰী এৰি সুৰক্ষিত স্থানলৈ গতি কৰা দেখা যায়।
দীঘলীয়া শাৰী পাতি ট্ৰেক্টৰ,মটৰ চাইকেল যিয়ে যিদৰে পাৰে সেই স্থান পৰিত্যাগ কৰিবলৈ চেষ্টা চলায়।
