পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ মাটিখোলাত দেওবাৰে নিশা এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷
দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক। জেৰিকীণ্ডিং দিশৰ পৰা খেৰণি অভিমুখে আহি থকা এখন তীব্ৰবেগী মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই এটা কালভাৰ্টত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
ঘটনাটোত নিহত হোবা লোককেইজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। ঘটনাস্থলীত খেৰণি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।