হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাৰ হৰিপুৰধৰৰ সমীপত শুকুৰবাৰে বিয়লি এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়।
চোলানৰ পৰা হৰিপুৰধৰ অভিমুখী এখন ব্যক্তিগত বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ১৪ জনকৈ লোক নিহত হোৱাৰ উপৰি কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।
বাছখনত মুঠ ৬৬ গৰাকী যাত্ৰী থকা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় বাসিন্দাসকলে আৰক্ষী আৰু প্ৰশাসনৰ সৈতে একেলগে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।
আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয়।
উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি প্ৰশাসনে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। তেওঁ লগতে দুৰ্ঘটনাটোৰ তদন্তৰ বাবে নিৰ্দেশ জাৰি কৰাৰ বিষয়ে সদৰী কৰে।