Share and Enjoy !

Shares

শিৱসাগৰত মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰী নাইবা পীয়ুষ হাজৰিকা আহক। এটা হত্যাকাৰীৰ বিৰুদ্ধে মোৰ নিৰ্বাচন খেলিবলৈ লাজ লাগিব।

মই শিৱসাগৰত ফেক্টৰ হয়নে নহয় শিৱসাগৰবাসীয়ে ভালদৰে জানে। কোনোবা মহিলা মৰ্চাৰ সভানেত্ৰী আহি কিবা কৈ গলেই নহ’ব।

মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে শিৱসাগৰত নিৰ্বাচন খেলিলে থিয়ৈ থিয়ৈ হাৰিব।

নহ’লে তেওঁলোকৰ পৰিৱৰ্তে বিজেপিৰ সভাপতি দিলীপ শইকীয়া আহক। তেখেতৰটো নামেই কোনেও নাজানে। মুখ্যমন্ত্ৰীৰহে নামটো জানে।

নাৰী সবলীকৰণৰ কথা কৈ থকা বিজেপি দলে শিৱসাগৰত এগৰাকী মহিলা প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰি দেখুৱাওক।

ৰাজ্যত বিজেপি দলৰ কেইগৰাকী বিধায়িকা আছে বিজেদলে নিজেই হিচাপ কৰি লওক। গতিকে তেওঁলোকে মহিলাৰ সবলীকৰণৰ কথা কৈ লাভ নাই।

শিৱসাগৰত আজি উপস্থিত হোৱা বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি নীলিমা দেৱীক কটাক্ষ কৰি অখিল গগৈয়ে মন্তব্য কৰে যে কোনোবা শিৱসাগৰলৈ আহিব যি মন যায় কৈ যাব। এনেবোৰ মানুহক মই গুৰুত্বই নিদিও।

নাৰী শক্তিৰ কথা কোৱা বিজেপি দলে শিৱসাগৰত প্ৰাৰ্থিত্ব দিব লগাজনৰ খবৰ ৰাখিছেনে নাই।

মুখ্যমন্ত্ৰীয়ে সদনত দুগৰাকী বিয়া পতাৰ বিৰুদ্ধে বিল আনিছিল । কিন্তু মোৰ বিৰুদ্ধে শিৱসাগৰত প্ৰাৰ্থিত্ব দিবলগাজনে কেইজনী বিয়া পাতিছে তাৰ খবৰ মুখ্যমন্ত্ৰীয়ে ৰাখিছেনে নাই। আমি দুগৰাকী বিয়া পতা লোকক কাষেই চাপিবলৈ নিদিও। তেওঁৰ পূৰ্বৰ গৰাকীৰ সৈতে বিবাহ বিচ্ছেদ হ’লনে নাই আৰু এতিয়া কাৰ সৈতে থাকে?

বিজেপিয়ে ভোট চুৰি কৰে তাত কোনো সন্দেহ নাই। ভোট চুৰিৰ বিৰুদ্ধে আমাৰ বিৰোধী দলৰ সভাপতিজনে দিল্লীত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচী সঠিক হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *