Share and Enjoy !

Shares

অভিনেতা অক্ষয় কুমাৰৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এখন অট’ৰিক্সা দুখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয় এখন তীব্ৰবেগী মাৰ্ছিডিছ বাহনে প্ৰথমে এখন অট’ৰিক্সাক খুন্দা মাৰে। খুন্দাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই অট’খনে পিছত অভিনেতা অক্ষয় কুমাৰৰ কনভয়ত থকা বাহন এখনত খুন্দা মাৰে।

ফলত এজন অট’ৰিক্সা চালক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অক্ষয় সেই গাড়ীখনত নাছিল

জানিব পৰা মতে,সোমবাৰে নিশা প্ৰায় ৯ বজাত অক্ষয় কুমাৰ মুম্বাই বিমানবন্দৰৰ পৰা ঘৰলৈ উভতি আহিছিল । জুহুৰ ওচৰতে এখন গাড়ীয়ে প্ৰথমে পিছফালৰ পৰা অটোৰিক্সা এখনত খুন্দা মাৰে । তাৰ পিছত ওলোটা হৈ অক্ষয়ৰ কনভয়ত খুন্দা মাৰে ।এই দুৰ্ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত । দুৰ্ঘটনাটোত অটোখন চূৰমাৰ হৈ পৰে । স্থানীয় লোক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় । কোনোমতে চালকজনক অটোৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় । বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে চালকজন । তেওঁৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে চালকজনৰ ভাতৃয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *