Share and Enjoy !

Shares

আজি আলি আঃয়ে লৃগাং।মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। অসমৰ অন্যতম ভূমিপুত্ৰ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ আলি আঃয়ে লৃগাং এক বসন্ত উৎসৱ। এই‌ উৎসৱ হৈছে কৃষিৰ লগত সম্বন্ধিত এক উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়।এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়(Ali Aye Ligang)।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধেমাজি জিলাৰ প্ৰতিটো প্ৰান্তত উলহ-মালহ উদযাপন কৰিছে আলি আঃয়ে লৃগাং কিন্তু এই বিশেষ দিনটোত মিচিং জনগোষ্ঠীৰ লোকসকল কিছু পৰিমাণে সন্তুষ্টি প্ৰকাশ কৰিছে । কাৰণ জনগোষ্ঠীটোৰ একমাত্ৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙৰ দিনটোত পূৰ্ণ পৰ্যায়ৰ ৰাজ্যিক বন্ধ ঘোষণা কৰা নাই চৰকাৰে । সেয়ে লৃগাঙৰ মাংগলিক অনুষ্ঠানৰ জৰিয়তে এই দিনটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে মিচিংসকলে

এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, “আলি আঃয়ে লৃগাং মিচিংসকলৰ অন্যতম প্ৰধান কৃষিভিত্তিক উৎসৱ ৷ গতিকে সমগ্ৰ ৰাজ্যতে বন্ধ দিলে সকলোৰে সুবিধা হয় । চৰকাৰে এই পৱিত্ৰ উৎসৱত ৰাজ্যিক বন্ধ ঘোষণা কৰি মিচিং সমাজৰ পৰম্পৰাক সন্মান জনাব লাগে ।” সমগ্ৰ অসমৰ ৰাইজে অংশীদাৰ হ’ব পৰাকৈ ৰাজ্যিক ভিত্তিত বন্ধ দিব লাগে বুলিও তেওঁ মন্তব্য কৰে ।

জোনাই সমজিলাৰ বিভিন্ন গাঁৱত দিনজোৰা কাৰ্যসুচীৰে উদযাপন কৰা হৈছে পৱিত্ৰ উৎসৱ আলি আঃয়ে লৃগাং । মিচিং ভাষাত ‘আলি’ মানে শস্যৰ বীজ, ‘আঃয়ে’ মানে ফল আৰু ‘লৃগাং’ মানে উৎসৱ । এই উৎসৱক লৈ মিচিং গাঁওসমূহত আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে । গুমৰাগ চঃমান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মিচিং অঞ্চলসমূহ । পুৱাৰে পৰা মিচিং ডেকা-গাভৰু, বোৱাৰীৰ লগতে বয়োজ্যেষ্ঠসকলে একেলগে উদযাপন কৰিছে আলি আঃয়ে লৃগাং।

Leave a Reply

Your email address will not be published. Required fields are marked *