Share and Enjoy !

Shares

মঙলবাৰে নিশা দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, মিচিং জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী। মিচিং জনগোষ্ঠীৰ হেঁপাহৰ উৎসৱ ‘আলি-আঃয়ে-লৃগাং’ৰ দিনটোক ৰাজ্য চৰকাৰে চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰে। কেবিনেটে আলি-আঃয়ে-লৃগাঙৰ দিনটোত চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিবলৈ আগবঢ়াই যাৱতীয় অনুমোদন।

লগতে চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবেও মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ খবৰ। ৩৭টা চাহ জনগোষ্ঠীক OBC হিচাপে স্বীকৃতি অসম চৰকাৰৰ। পূৰ্বতে OBC স্বীকৃতি লাভ কৰা নাছিল গোষ্ঠীকেইটাই। উপ-গোষ্ঠী হিচাপে আছিল এই গোষ্ঠীসমূহ।

Leave a Reply

Your email address will not be published. Required fields are marked *