আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে নিশা দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
নিশা ১০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰিবলৈ বৰঝাৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া৷
সোমবাৰে পুৱা ১০.১৫ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৰাওনা হ’ব ‘শ্বহীদ স্মাৰক ক্ষেত্ৰ’লৈ। শ্বহীদ স্মাৰকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদসকললৈ যাচিব শ্ৰদ্ধাঞ্জলি। তাৰপাছত হেলিকপ্টাৰযোগে যাব বটদ্ৰৱালৈ। সোমবাৰে পুৱা ১১.৩০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব বৰদোৱা প্ৰকল্প। প্ৰকল্প মুকলি কৰাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা।
আবেলি ২.৩০ বজাত মুকলি কৰিব ICSS আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়। আবেলি ৩.৩০ বজাত মুকলি কৰিব ৫,০০০ আসনযুক্ত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ। সন্ধিয়া পুনৰ দিল্লীলৈ উৰা মাৰিব অমিত শ্বাহে। অমিত শ্বাহক আদৰিবলৈ সাজু ৰাজ্যিক বিজেপি। নৱবৰ্ষৰ প্ৰাকক্ষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম আগমনক লৈ উৎসাহী হৈ পৰিছে বিজেপিৰ নেতা-মন্ত্ৰীসকল।