Share and Enjoy !

Shares

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে নিশা দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।সোমবাৰে পুৱা ১১.৩০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব বৰদোৱা প্ৰকল্প।

মুকলি অনুষ্ঠানৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নিৰ্মাণ হোৱা বটদ্ৰৱা প্ৰকল্পৰ কামৰ বুজ ল’বলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্য যে, ২৯ ডিচেম্বৰত বটদ্ৰৱাত উপস্থিত হৈ মাংগলিক অনুষ্ঠানৰ মাজেৰে নামকীৰ্তন, গায়ন বায়নৰ অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। দুহেজাৰ গায়ন বায়ন আৰু আয়তীৰ নামকীৰ্ত্তনৰে অমিত শ্বাহক আদৰনি জনোৱা হ’ব।। ৬০ হেজাৰ ভক্ত বৈষ্ণৱ, আইমাতৄৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই বিশেষ অনুষ্ঠানৰ পূৰ্বে আজি বটদ্ৰৱাৰ প্ৰকল্পস্থলীত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকা,মন্ত্ৰী বিমল বৰা কেশৱ মহন্ত বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, ৰমাকান্ত দেউৰী আৰু শশীকান্ত দাস উপস্থিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *