Share and Enjoy !

Shares

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে ।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণ। বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ’ল এজন লোকৰ।

লেংটেং চাহ বাগিচাৰ আমগুৰিত হাতীৰ আক্ৰমণত নিহত এজন বৃদ্ধ। নিহত লোকজনৰ নাম মাটিয়াছ চুৰিন।বুলি জানিব পৰা গৈছে।

নিশা প্ৰায় চাৰে এঘাৰ বজাত বনৰীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাইছিল অঞ্চলটোত। সেই সময়তে লোকজন ঘৰৰ বাহিৰলৈ ওলাই আহোতেই আক্ৰমণ কৰে হাতীয়ে। বন বিভাগৰ লোকে লোকজনক ততাতৈয়াকৈ চিমনাবস্তি চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *