Share and Enjoy !

Shares

অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন ।

অসম বিধানসভা সচিবালয়ৰ তথ্য অনুসৰি, প্ৰথম দিনাৰ অধিৱেশনত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব । ১৭ ফেব্ৰুৱাৰীত ৰাজ্যৰ বাজেট দাখিল কৰাৰ সম্ভাৱনা আছে ।

নিৰ্বাচনৰ প্ৰাকক্ষণত এই বাজেট অধিৱেশন অতি গুৰুত্বপূৰ্ণ হ’ব । বিশেষকৈ শাসকীয় পক্ষই ভোটাৰক আকৰ্ষণৰ বাবে চেষ্টা চলোৱা দেখা যাব । অসমৰ ৰাইজৰো দৃষ্টি নিবদ্ধ থাকিব ।

ইফালে ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিৱেশন । ২ এপ্ৰিললৈ চলিব অধিৱেশন । ২৮ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব । আনহাতে দ্বিতীয় পৰ্যায় ৯ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ চলিব । অধিৱেশনত মুঠ ৩০ খন বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট ২০২৬-২৭ দাখিল কৰা হ’ব । ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভা উভয়ৰে সদস্যসকলক সম্বোধন কৰি অধিৱেশন আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *