Share and Enjoy !

Shares

অসম জাতীয় পৰিষদত অন্তুৰ্ভুক্ত হ’ল ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা এতিয়াৰে পৰা অজাপ হ’ল ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নতুন ঠিকনা ।

শুকুৰবাৰে অজিত কুমাৰ ভূঞা নেতৃত্বাধীন ‘জাতীয় দল অসম’ দলটো আনুষ্ঠানিকভাৱে চামিল হয় অসম জাতীয় পৰিষদত । দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত জাতীয় দল অসমক অজাপত সমাহিত কৰি সাংসদ অজিত কুমাৰ ভূঞাই আনুষ্ঠানিকভাৱে অজাপত যোগদান কৰে ।

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি ৰাজেন গোঁহাই আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সাংসদ অজিত কুমাৰ ভূঞাক দলত আদৰণি জনায় । অজাপৰ নেতৃত্বই আশা প্ৰকাশ কৰে যে অজিত কুমাৰ ভূঞা নেতৃত্বাধীন দলটোৰ চামিলকৰণে অসম জাতীয় পৰিষদক আৰু অধিক শক্তিশালী কৰিব ।

দিছপুৰৰ পি ডব্লিউ ডি কনভেনশ্যন চেণ্টাৰত অসম জাতীয় পৰিষদে আয়োজন কৰা মহামিলন কাৰ্যসূচীত এই মিলন পৰ্ব আনুষ্ঠানিকভাৱে সম্পন্ন হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *