বজালীৰ বাৰাকাহিত বিধ্বংসী অগ্নিকাণ্ড
পুৱতি নিশা এটি পৰিয়ালত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডত নৃপেন ভৰালী নামৰ লোকজনৰ সকলো সম্পত্তিৰ লগতে নগধ ১ লাখ ৫০, ০০০ টকা আৰু গৰু-ছাগলী জুইত ভস্মীভূত হয়।
ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ পুৱতি নিশাই জুই নিৰ্বাপিত কৰে।
ঘটনাস্থলীত বজালী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।