বৰপেটাত চাঞ্চল্যকৰ ঘটনা । বৰপেটাৰ ৰহমপুৰত ব্ৰহ্মপুত্ৰত নিৰুদ্দেশ ৬জন যাত্ৰী । সন্ধানহীন যাত্ৰীসকলৰ মাজত ৪ টি শিশু আছে ৷
মঙলবাৰে ৰহমপুৰ গাঁৱৰ পৰা এখন নাৱেৰে বৰঘোল গাঁৱলৈ গৈছিল প্ৰায় ২২ জন লোক । কিন্তু ব্ৰহ্মপুত্ৰ নদীৰ চাকনৈয়াত পৰা নাওখন যাত্ৰীসহ হঠাৎ ডুব যায় ফলত ছয়জন যাত্ৰী নিৰুদ্দেশ হয় ।
স্থানীয় সূত্ৰ অনুসৰি, নাওখন অতিশয় অসাৱধানতাৰে চলোৱা হৈছিল । জীৱন ৰক্ষাকাৰী জেকেটৰ অভাৱ আৰু নদীৰ সোঁতক অৱহেলা কৰাই এই দুৰ্ঘটনাৰ মূল কাৰণ বুলি সন্দেহ কৰা হৈছে। ইফালে এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বৰপেটা আৰক্ষী আৰু এছ ডি আৰ এফ উপস্থিত হৈ স্থানীয় লোক আৰু মাছমৰীয়াসকলৰ সহযোগত উদ্ধাৰ অভিযান চলাই । এই ঘটনাক লৈ অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।