Share and Enjoy !

Shares

দিন দুপৰতে বৰপেটাৰোডত ভয়ংকৰ ডকাইতিকাণ্ড। বৰপেটাৰোডৰ মাজ মজিয়াৰ পৰা পাঁচজনীয়া ডকাইতৰ দলে লুটি নিলে ১২ কোটি টকাৰ আ-অলংকাৰ, নগদ ধন।

‘সেনকো’ নামৰ অলংকাৰ শ্ব’ ৰুমত সংঘটিত হৈছে এই ভয়ংকৰ ডকাইতিকাণ্ডটো।

জানিব পৰা মতে, মুখত মাক্স পৰিহিত হিন্দী ভাষাত কথা কোৱা যুৱক কেইজনে প্ৰথমে CCTVৰ সংযোগ কৰ্তন কৰি লৈছিল। তাৰ পাছতে, হাতে মুখে বান্ধি লৈ পিষ্টল দেখুৱাই লুটি নিলে সোণ, ৰূপ, হীৰাৰ অলংকাৰ।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বৰপেটাৰোড আৰক্ষী।ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আনহাতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *