আজি বড়ো জনগোষ্ঠীয়সকলৰ মূল দেৱতা পবিত্ৰ বাথৌ পূজা। মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰে সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ আধ্যাত্মিক আবহেৰে মুখৰিত হৈ উঠিছে বাক্সা জিলাৰ বাথৌফুৰি অঞ্চল।
আজিৰে পৰা বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বাথৌফুৰিত ৫২ সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা মহোৎসৱ আৰু মেলা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে।
আজি মাঘ মাহৰ দ্বিতীয়টো মংগলবাৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাতো বাথৌ পূজাক কেন্দ্ৰ কৰি এক বিশেষ উৎসৱমুখৰ পৰিৱেশ গঢ় লৈ উঠিছে। চলিত বৰ্ষত ১০ দিনীয়াকৈ আয়োজিত এই কেন্দ্ৰীয় বাথৌ পূজা আৰু মেলাত ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ লগতে সাংস্কৃতিক কাৰ্যসূচী আৰু বাণিজ্যিক মেলাই বিশেষ আকৰ্ষণ লাভ কৰিছে।উৎসৱৰ প্ৰথম দিনাই আৰজ বন্দনাৰে মুখৰিত হৈ উঠে মেলাস্থলী। পৰম্পৰাগত নিয়ম-নীতি অনুসৰি বৃহত্তৰ অঞ্চলটোৰ ১২ খন গাঁৱৰ মুখিয়ালে নিজ নিজ গাঁৱৰ ৰাজহুৱা পতাকা উত্তোলন কৰি উৎসৱৰ শুভাৰম্ভ কৰে।
ইয়াৰ লগে-লগে পূজা উপলক্ষে নিৰ্মিত মুখ্যদ্বাৰ আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰা হয়। একে সময়তে বাণিজ্য মেলাৰ দ্বাৰ, বাথৌ মন্দিৰৰ দ্বাৰো ভক্ত-দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হয়। এই বাথৌ পূজা মহোৎসৱ কেৱল ধৰ্মীয় আস্থাৰেই সীমাবদ্ধ নহয়, ই বড়ো সমাজৰ ঐতিহ্য, সংস্কৃতি আৰু সামাজিক একতাৰো প্ৰতীক। শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক মজবুত কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা এই পূজা আৰু মেলাই বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক একেলগে মিলিত হোৱাৰ সুযোগ প্ৰদান কৰে।