ভোগৰ বিহু ভোগালীলৈ মাজত মাথো এটা দিন ভোগালী বিহু উপলক্ষে বজাৰতো পিঠা-পনা, দৈ-চিৰাৰে হৈ পৰিছে উভৈনদী৷
ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিহুৰ মেটমৰা খাদ্য সম্ভাৰ লৈ গুৱাহাটীলৈ আহিছে ব্যৱসায়ীসকল ।মহানগৰীৰ বিভিন্ন স্থানত ভোগালী মেলাত ব্যৱসায়ীসকলে সামগ্ৰীবোৰ বিক্ৰী কৰিছে ।বিহুৰ বজাৰত বিভিন্ন প্ৰকাৰৰ লাড়ু, পিঠা, সান্দহ, চিৰা, জলপান, চুঙা পিঠা আদিয়ে প্ৰাধান্য পাইছে৷
মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আয়োজন হোৱা ভোগালী মেলাত ভোগৰ সামগ্ৰী কিনিবলৈ ওলাই আহিছে মহানগৰবাসী৷