ৰাজ্যজুৰি ব’হাগ বিহুৰ ব্যাপক প্ৰস্তুতি চলিছে । আজি বিহুৰ উৰুকা আৰু মঙলবাৰে গৰু বিহু ৷ প্ৰতিজন অসমীয়াৰ গা এতিয়া সাতখন-আঠখন ৷ কুলি-কেতেকীৰ বিননি, বসন্তৰ আগমনৰ লগে লগে তৎ নাইকিয়া হৈছে প্ৰতিজন অসমীয়াৰ ৷ এফালে যদি ঢেঁকীত পিঠাগুৰি প্ৰস্তুত কৰিছে, আনফালে একাংশ মহিলাই বিহুৰ পিঠা প্ৰস্তুত কৰিছে । সমান্তৰালকৈ যুৱতীসকলে দুহাতত জেতুলা বুলাই জুৰিছে বিহুনাম ।
প্ৰকৃতিৰ বুকুলৈ পুনৰ নামিছে বসন্ত । কুলিৰ মাতে দিছে ব’হাগৰ বতৰা । অসমীয়াৰ বাবে ব’হাগ মানেই কেৱল এটা মাহ নহয়, ই এক আৱেগ, এক পৰিচয় ।
সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে বিহুনাচৰ কৰ্মশালা।
বাক্সাৰ জালাহৰ অগ্ৰণী শিক্ষানুষ্ঠান অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে আয়োজন কৰিছে তিনিদিনীয়া বিনামূলীয়া বিহুনাচৰ কৰ্মশালা।
কৰ্মশালাৰ অন্তত গৰু বিহুৰ গধূলি অনুষ্ঠিত হ’ব মুকলি বিহু।
অনন্ত একাডেমীৰ বাকৰিত কৰ্মশালাত প্ৰশিক্ষণ দিছে অশ্বিনী দাসে।
কৰ্মশালাত তৃতীয় দিনা অংশ লৈছে দুই শতাধিক নাচনী-বিহুৱতী।
এনেদৰেই এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সাতো দেখিবলৈ পোৱা গৈছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি।