Share and Enjoy !

Shares

বিজনীৰ কাছদহাত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী।

বিজনী আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত চাবোনৰ বাকচ ভৰ্তি এক পেকেট ড্ৰাগছসহ এখন স্কুটি জব্দ কৰে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা মহৰ আলী(২৪) আৰু ছাদ্দাম হুছেইন(২৭) বুলি জানিব পৰা গৈছে।

AS 19W 2020 নম্বৰৰ স্কুটি খনেৰে ভাণ্ডাৰৰ পৰা বঙাইগাঁও অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী দুটা।

জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৮০ হেজাৰ টকা বুলি জানিব পৰা গৈছে।

ইয়াৰে মহৰ আলীৰ ঘৰ বঙাইগাঁও জিলাৰ ভাওঁলাগুৰীত আৰু ছাদ্দাম হুছেইনৰ ঘৰ ধুবুৰী জিলাৰ ঝগৰাপাৰত।বুলি জানিব পৰা গৈছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *