বিজনীত বিজেপিৰ প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত।
চালানী প্ৰাৰ্থীক গ্ৰহণ নকৰে বিজনীৰ বিজেপি কৰ্মীয়ে।
বিজনীৰ বাহিৰৰ লোকক প্ৰাৰ্থী প্ৰদান নকৰি স্থানীয় লোকক প্ৰাৰ্থীত্ব দিয়াৰ দাবীত বিজনীত প্ৰতিবাদ নামিল বিজেপি কৰ্মী।
বিজেপিৰ সুভাইঝাৰ মণ্ডল কাৰ্যালয়ত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে গ’ল বেক ধ্বনি দিয়ে।
উল্লেখ্য যে বিধানসভা নিৰ্বাচনত ২০ নং বিজনী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী অৰূপ কুমাৰ দে।
প্ৰাৰ্থীত্ব প্ৰত্যাশী অৰূপ কুমাৰ দে ইতিমধ্যে ২০ নং বিজনী বিধানসভা সমষ্টিত আৰম্ভ কৰিছে নিজৰ নিৰ্বাচনী প্ৰচাৰ।
ইয়াতে ক্ষুণ্ণ হৈ পৰিছে বিজনীৰ বিজেপিৰ নেতৃবৃন্দ কৰ্মকৰ্তা সকল।
অৰূপ কুমাৰ দেৰ পৰিবৰ্তে বিজনীৰ স্থানীয় ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনায় বিজনীৰ বিজেপিৰ নেতৃবৃন্দ কৰ্মকৰ্তা সকলে।