বিজনী থানাৰ আৰক্ষীৰ অভিযান।অভিযানত পুৰাণ বিজনী পথত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰীক।
সোমবাৰে নিশা বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীৰ নিয়মীয়া তালাচীত AS 19R 2175 নম্বৰৰ স্কুটিৰে আহি থকা অৱস্থাত আৰক্ষীৰ জালত পৰে জান্নাদুল ইছলাম(২২) নামৰ সৰবৰাহকাৰীটো।
ধৃত জান্নাদুলৰ পৰা আৰক্ষীয়ে দুটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছৰ ২ পেকেট জব্দ কৰাৰ লগতে এটা মোবাইল ফোন জব্দ কৰে।
ধৃত জান্নাদুলৰ ঘৰ বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ৭ নং বাছবাৰীত।