দুষ্প্ৰাপ্য চৰাই চিকাৰৰ চেষ্টা চলোৱা ৫ চিকাৰীক আটকদুষ্প্ৰাপ্য চৰাই চিকাৰৰ চেষ্টা চলোৱা ৫ চিকাৰীক আটক

Share and Enjoy !

Shares

বিষ্ণুনাথৰ ভোলাকাটা বিলত বনৰীয়া চৰাই চিকাৰৰ বাবে অহা ৫ জন চিকাৰীক গ্ৰেপ্তাৰ

বিশ্বনাথ জিলাৰ ভোলাকাটা বিলত চৰাই চিকাৰৰ বাবে অহা ৫ জন চিকাৰীক আটক কৰে বন বিভাগে ।ভোলাকাটা বিলত বনৰীয়া চৰাই ধৰিবলৈ জাল পতাৰ খবৰৰ ভিত্তিত বিশ্বনাথ ঘাটৰ কেন্দ্ৰীয় ৰেঞ্জৰ ৰেঞ্জ বন বিষয়া আৰু বিশ্বনাথৰ অপৰাধ অনুসন্ধান ৰেঞ্জৰ বন বিষয়াৰ নেতৃত্বত যোৱা এটা দলে ঘটনাস্থলীত ৫ জন ব্যক্তিক হাতে-লোটে আটক কৰে ।

তেওঁলোকৰ পৰা এটা জীৱন্ত ‘কটন পিগমি গুজ’ নামৰ দুষ্প্ৰাপ্য বনৰীয়া চৰাই, এখন মাছ মৰা জাল, ২ টা মোবাইল ফোন, ১ টা টৰ্চ লাইট আৰু ২ টা বগা বেগ জব্দ কৰে ।এই প্ৰজাতিটো বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২-ৰ অনুসূচী-১-ৰ অধীনত পৰে বুলি বন বিভাগে জানিবলৈ দিয়ে। উক্ত চৰাইটো আফগানিস্তানৰ পৰা অহা পৰিভ্ৰমী চৰাই । আটকাধীন ৫ জন ব্যক্তি ক্ৰমে, ছাইফুল ইছলাম, আনোৱাৰ হুছেইন, তামছাৰ আলী, আবুল হুছেইন, ফুকীৰ আলী জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *