Share and Enjoy !

Shares

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। নিতৌ ন ন কৌশলৰে চোৰে সংঘটিত কৰি আহিছে চুৰিকাণ্ড।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিশ্বনাথত দিনে দিনে বৃদ্ধি পাইছিল চুৰিকাণ্ডৰ ঘটনা।

উল্লেখ্য যে- দেওবাৰে নিশা চতিয়াত বিয়া খাই ঘৰলৈ আহি থকা ৰাজেশ বৰা নামৰ লোকজনে কাষৰে এঘৰৰ চৌহদত এটা চোৰৰ দলে প্ৰৱেশ কৰাৰ কথা ফোনযোগে আৰক্ষীক খবৰ দিয়ে।চোৰৰ দলটোয়ে ৰাজেশ বৰাৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ কথা জানিব পাৰে আৰু সেই সময়তে আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়।

ইপিনে ৰাজেশ বৰা আৰু আৰক্ষীৰ দলটোয়ে খেদি খেদি দুটাকৈ চোৰক ধৰিবলৈ সক্ষম হয় যদিও বাকী চোৰৰ দলটোৱে পলায়ন কৰে। সম্প্ৰতি ধৃত চোৰ দুটাক আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে

Leave a Reply

Your email address will not be published. Required fields are marked *