Share and Enjoy !

Shares

ৰাজ্যৰ বিধানসভা নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে সকলোবোৰ ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে৷ প্ৰতিকুল বতৰকো নেওচি ইতিমধ্যে শাসক- বিৰোধীৰ প্ৰাৰ্থীৰ হৈ অসমত প্ৰচাৰ চলাইছেহি কে’বাগৰাকী হাই প্ৰফাইল নেতাই ৷

চিলাপথাৰত ৭৯ নং চিচিবৰগাঁও সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ষ্টাৰ কেম্পেইনাৰ স্মৃতি জুবিন ইৰাণীয়ে।

হেলিকপ্টাৰৰে আহি চিলাবালি খেলপথাৰত অনুষ্ঠিত জনাকীৰ্ণ সভাত নেত্ৰী গৰাকীয়ে সম্বোধন কৰে ৰাইজক উদ্দেশ্যি অসম চৰকাৰে অবৈধ দখলকাৰীৰ পৰা লাখ লাখ হেক্টৰ ভূমি উদ্ধাৰৰ পৰা লাখপতি বাইদেউ আঁচনিলৈকে বিভিন্ন আঁচনি সন্দৰ্ভত ভাষণ প্ৰদান কৰে।

PM Kishan’ৰ ধন ১১ হেজাৰ টকালৈ বৃদ্ধি কৰাৰ লগতে এইবাৰো অসমত বিজেপিৰ চৰকাৰ হলে ২ লাখ চাকৰি প্ৰদান কৰা সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে স্মৃতি ইৰাণীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *