আজি জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো দিন। দ্বিতীয় দিনৰ কাৰ্যসূচীত জাগীৰোডৰ দেওশাল মন্দিৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় । প্ৰথম দিনাৰ সফল আয়োজন আৰু ব্যাপক সঁহাৰিৰ পিছত এতিয়া এই যাত্ৰা অধিক উৎসাহেৰে দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰিছে বিজেপিয়ে এই ৰাজ্যব্যাপী অভিযান আৰম্ভ কৰিছে ।
এই যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয়, “আমি আমাৰ ৰাইজৰ পৰা যি আশীৰ্বাদ লাভ কৰি আছো তাৰ বাবে আমি অত্যন্ত সুখী আৰু কৃতজ্ঞ । জন আশীৰ্বাদ যাত্ৰাৰ প্ৰতি সঁহাৰি আমাৰ আশাৰ বাহিৰত।”
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এই জে চি বি আমাৰ উচ্ছেদ অভিযানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি । ইয়াৰ পূৰ্বে আমি বেদখলকাৰীৰ পৰা প্ৰায় ১.৫ লাখ বিঘা মাটি সফলতাৰে মুক্ত কৰিছো । নিৰ্বাচনৰ পিছত আমি অতিৰিক্ত ৫ লাখ বিঘা মাটিত উচ্ছেদ কৰিম।“শক্তিশালী বাৰ্তাটো স্পষ্ট — আমি সকলো অবৈধ বেদখলকাৰীক বনাঞ্চলৰ ভূমি আৰু ট্ৰাইবেল বেল্ট অঞ্চলৰ পৰা উচ্ছেদ কৰিম । আমি খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আপোচ নকৰো,”।
মুখ্যমন্ত্ৰীয়ে লগতে কয়, “সমাৱেশৰ সময়ত বহু লোকে মোক ধন্যবাদ জনাই আগবাঢ়ি আহিছিল — কোনোৱে স্বচ্ছ আৰু নিকা চৰকাৰী চাকৰি নিশ্চিত কৰাৰ বাবে, কোনোৱে নিজৰ মাটি ঘূৰাই পোৱাৰ বাবে আৰু কোনোৱে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ।