অসম গণ পৰিষদৰ বজালীৰ পাঠশালাত সংকল্প যাত্ৰা।
তিনি হাজাৰৰো অধিক বাইকেৰে বজালী সমষ্টিত অগপৰ ৰণডংকা।
অগপৰ জেষ্ঠ নেতা সাংসদ ফণীভূষণ চৌধুৰী,জিতু গোস্বামীৰ অংশ গ্ৰহণ সংকল্প যাত্ৰাত।
বজালী সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ভৱানীপুৰ সৰভোগ সমষ্টিৰ পৰা নিৰ্ৱাচন খেলাৰ এক প্ৰকাৰ নিশ্চিত হোৱাৰ পিছতে বজালী সমষ্টি অগপক এৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতৰ অসম গণ পৰিষদে আজি অগপ বজালী জিলাৰ পাঠশালাত বজালী বিধান সভা সমষ্টি পৰিষদৰ উদ্যোগত “সংকল্প যাত্ৰাৰে বিশাল বাইক ৰেলী উলিয়াই নিৰ্বাচনী ৰণডংকা বজাই।
এই কাৰ্যসূচীৰ জৰিয়তে বজালী সমষ্টিত অগপ মিত্ৰজোটৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ড° ৰণজিৎ ডেকাই নিজৰ নিৰ্বাচনী ৰণডংকা বজাই পাঠশালাৰ ৰাজপথৰে হাজাৰ হাজাৰ বাইকেৰে বিশাল বাইক ৰেলী উলিয়াই
কাৰ্যসূচীত দলীয় কৰ্মী-সমৰ্থকৰ ব্যাপক উপস্থিতিয়ে সমষ্টিটোৰ ৰাজনৈতিক পৰিস্থিতি অধিক গৰম কৰি তোলে।
ড° ডেকাই উন্নয়ন, নিয়োগ, শিক্ষা আৰু কৃষি খণ্ডৰ উন্নতিক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে, বজালীৰ সামগ্ৰিক উন্নয়ন আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত কৰাটো তেওঁলোকৰ মুখ্য লক্ষ্য।
সভাত উপস্থিত অন্যান্য জ্যেষ্ঠ নেতাসকলে মিত্ৰজোটৰ শক্তি অধিক দৃঢ় কৰাৰ আহ্বান জনায় আৰু আগন্তুক নিৰ্বাচনত বিজয় সুনিশ্চিত কৰিবলৈ দলীয় কৰ্মীসকলক একত্ৰিতভাৱে কাম কৰিবলৈ অনুৰোধ কৰে।
সংকল্প যাত্ৰাৰ জৰিয়তে সমষ্টিবাসীৰ মাজত ব্যাপক সঁহাৰি দেখা গৈছে আৰু ৰাজনৈতিক মহলত এই কাৰ্যসূচীক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা হৈছে।
অসম গণ পৰিষদৰ বজালী সমষ্টি সমিতিৰ সভাপতি জিন্টু চৌধুৰী,অগপ নেতা ধৰ্মেশ্বৰ ৰয়,ৰাতুল ৰয়,যুব পৰিষদৰ বিজু দাসৰ লগতে দলীয় নেতা কৰ্মী উপস্থিত থাকে।