আজি বছৰৰ অন্তিমটো দেওবাৰ। বজালীৰ পহুমাৰা চাপৰি বনভোজস্থলীত বনভোজ প্ৰেমীৰ ভিৰ।
পুৰণিক বিদায় দি নতুনক আদৰাৰ ব্যাপক প্ৰস্তুতি।
মনৰ অৱসাদ আঁতৰাই সতেজতা আনিবলৈ সকলোৱে নাচিবাগি হৈ পৰিছে মতলীয়া।
বজালীৰ কেন্দুগুৰিৰ পহুমাৰা চাপৰিৰ মনোমোহা পৰিবেশৰ মাজত লগে ভাগে এসাজ খাই উৎসাহ উদ্দীপনা বোৰ প্ৰাণৱন্ত কৰাৰ প্ৰয়াস সকলোৰে কোনোৱে যদি আপোনজনৰ লগত আহিছে আন কোনোৱে আকৌ বছৰৰ অন্তিমটো দেওবাৰে পৰিয়ালৰ লগত অতিবাহিত কৰিছে।
বজালীৰ কেন্দুগুৰিৰ পহুমাৰা চাপৰিতও সকলোবে লগে ভাগে এসাজ খাবলৈ আনন্দত মতলীয়া হোৱা দেখা গৈছে।