Share and Enjoy !

Shares

ঐতিহাসিক দিন আজি বজালী জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ৰ আনুষ্ঠানিকভাৱে উদ্বোধন।উক্ত কাৰ্য্যালয়টো মুকলি কৰে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে আৰু স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

এই অনুষ্ঠানত ঘোষণা কৰা হয় যে বজালী জিলাৰ বাবে নতুন যান বাহনৰ নিবন্ধন নম্বৰ হিচাপে AS-36 প্ৰদান কৰা হৈছে। ইয়াৰ ফলত এতিয়াৰে পৰা বজালী জিলাত পঞ্জীয়ন কৰা সকলো নতুন যান বাহনত AS-36 নম্বৰ ব্যৱহাৰ কৰা হ’ব।।

লগতে মন্ত্ৰী চৰণ বড়োবে কয়, জিলা পৰিবহণ কাৰ্য্যালয় স্থাপনৰ ফলত এতিয়াৰে পৰা বজালীৰ ৰাইজে নিবন্ধন, লাইচেঞ্চ, পাৰমিট আদি বিভিন্ন সেৱাৰ বাবে বৰপেটা বা দূৰলৈ যাব নালাগিব। স্থানীয়ভাৱে সকলো সেৱা লাভ কৰাৰ সুবিধা মুকলি হ’ল আজিৰে পৰা বজালীত। অনুষ্ঠানত জিলা আয়ুক্ত মৃদুল কুমাৰ দাস,জেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰবৰ্তী,পৌৰপতি জলি চৌধুৰীৰ লগতে বহু গণ্যমান্য ব্যক্তি, বিভাগীয় বিষয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

ৰাইজে এই পদক্ষেপক আদৰণি জনাই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে বজালী জিলা গঠনৰ পিছত বিভিন্ন প্ৰশাসনিক কাৰ্য্যালয় স্থাপনৰ দাবী উঠিছিল। জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয় মুকলি হোৱাত জিলাৰ প্ৰশাসনিক কাঠামো অধিক সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

Leave a Reply

Your email address will not be published. Required fields are marked *