Share and Enjoy !

Shares

বকোত খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসালয়ত ভৰ্তি ৩৪ গৰাকীকৈ লোক। বকোৰ জৱেপাৰা, ৰংচেপাৰা আৰু ভোগদাবাৰী গাৱঁৰ শতাধিক লোক খাদ্যৰ বিষক্ৰিয়াত অসুস্থ হৈ পৰিছে।

ইতিমধ্যে ৫ জনকৈ ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰিছে।

মঙলবাৰ পৰা বকো স্বাস্থ্য কেন্দ্ৰত অসুস্থ শিশু,পুৰুষ,মহিলা বকো স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে বুলি বকো স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ডা০ অপূৰ্ব তালুকদাৰে জানিবলৈ দিয়ে।

গুৱাহাটী লৈ প্ৰেৰণ বৰ্তমানলৈ ৫ গৰাকী ৰোগী। বুধবাৰে দুগৰাকী আৰু আজি তিনি গৰাকীক প্ৰেৰণ গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ। ৰোগীসকলৰ মূলতঃ লক্ষণ সমূহ হৈছে বমি, জ্বৰ, ডায়েৰিয়া পেটৰ বিষ ইত্যাদি বুলি জানিবলৈ ড° তালুকদাৰে।

বুধবাৰে নিশা গুৱাহাটীলৈ প্ৰেৰণ ডিম্পল বড়ো আৰু টুচোৰাম বড়োক। বৃহস্পতিবাৰে গুৱাহাটীলৈ প্ৰেৰণ জৱেপাৰা গাঁৱৰ ছয়নীকা বড়ো (৬ বছৰ), ৰূপালী বড়ো (৪৫ বছৰ) আৰু ৰংচেপাৰা গাঁৱৰ ৰুণু বড়ো (৩৫ বছৰ)।

ইতিমধ্যে স্বাস্থ্য বিভাগৰ দুটা দলে তিনিও খন গাৱঁতে উপস্থিত হৈ ঘৰে ঘৰে গৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি আছে।

কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ নিৰ্দেশ মৰ্মে বকোত উপস্থিত কামৰূপ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডঃ অজিত দাস সহ বিভাগটোৰ এটা সজাতি দল। দলটোৱে আক্ৰান্ত গাঁওসমূহ পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্যৰ বুজ লয়। দাসে জনোৱা অনুসৰি বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ লৈ আহিছে যদিও স্বাস্থ্য বিভাগে সম্পূৰ্ণ পৰ্যবেক্ষণ কৰি থকা বুলি জানিবলৈ দিয়ে।

কামৰূপ জিলাৰ স্বাস্থ্য বিভাগে ইতিমধ্যে গাৱঁত উপস্থিত হৈ পানী, ৰোগীৰ মল-মূত্ৰ, তেজৰ নমুনা, খাদ্য ইত্যাদি সংগ্ৰহ কৰি কি কাৰণে অসুস্থ হৈ পৰিছে তাৰ বিষয়ে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *