Share and Enjoy !

Shares

সংগীতৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান। ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কিংবদন্তি শিল্পী আশা ভোছলেৰ।

মুম্বাইৰ ব্ৰিচ্চ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ প্ৰখ্যাত কণ্ঠশিল্পীগৰাকীৰ।

শনিবাৰে হৃদৰোগত আক্ৰান্ত হৈছিল আশা ভোছলে। হৃদৰোগত আক্ৰান্ত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা গৈছিল বিশ্বপ্ৰসিদ্ধ শিল্পীগৰাকীক।

আশা ভোছলেৰ দেহাৱসানৰ খবৰে চিনেমা আৰু সংগীত জগতত গভীৰ শোকৰ ছাঁ পেলাইছে। বিগত কেইবছৰমানৰ পৰা বাৰ্ধক্যজনিত কাৰণত আশা ভোছলেই কিছু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল। অৱশ্যে এই বয়সতো তেওঁ সক্ৰিয় হৈ আছিল আৰু কনচাৰ্টত অংশগ্ৰহণ কৰিছিল।

সোমবাৰে মুম্বাইৰ শিৱাজী পাৰ্কত শেষকৃত্য সম্পন্ন হ’ব শিল্পীগৰাকীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *