আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। পুৱাৰে পৰা মন্দিৰসমূহত ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। ধূপ-দীপ-নৈবদ্যৰে নতুন বছৰটো সুন্দৰকৈ পাৰ হৈ যোৱাৰ বাবে প্ৰাৰ্থনা কৰিছে সকলোৱে। বিগত বৰ্ষৰ প্ৰতিটো ঘাট-প্ৰতিঘাট পৰিহাৰ কৰি নতুন বছৰত নতুন সংকল্প লৈ আগুৱাই যোৱাত মন বান্ধিছে এতিয়া প্ৰতিজনে।
ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথম দিনটোতে পুৱাই তেজপুৰৰ বিভিন্ন মন্দিৰ ,দেৱালয় ,নামঘৰ ,গীৰ্জা ,মছজিদ আদিত জনসাধাৰণৰ ভীৰ পৰিলক্ষিত হয় ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ অসমীয়া জাতিৰ জনক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটিল ভকত বৈষ্ণৱ, আইমাতৃ, দৰ্শনাাৰ্থী, তীৰ্থযাত্ৰীৰ। নতুন বছৰটোৱে যাতে সকলোলৈকে সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে সেই মনোকামনাৰে সকলোৱে আহি গুৰুজনাৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰে।
আজিৰ এই বিশেষ দিনটো পুৱাৰ সুকোমল সূৰুযৰ পৰশত নতুন আশা, ন প্ৰত্যাশা লৈ ন-উদ্যমেৰে ২০২৬ বৰ্ষতো আৰম্ভ কৰিছে সকলো লোকে ৷ নিজৰ লগতে নিজৰ পৰিয়াল কুটুম্বৰ মংগল কামনাৰে বিভিন্ন মঠ মন্দিৰ, সত্ৰ নামঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ।