চিৰাঙত বিপিএফৰ দিছপুৰ যাত্ৰা সমদল ৷
বিটিচিৰ বিৰোধী দলপতি খাম্পা বৰগয়াৰীৰ বিপিএফত যোগদান ৷
চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত সামূহিক কেন্দ্ৰত আজি বিপিএফৰ এক বিশাল জনসভা অনুষ্ঠিত হয় ৷
এই সভাত বিটিচিৰ বিৰোধী দলপতি তথা ইউ পি পি এল দলৰ নেতা খাম্পা বৰগয়াৰী, ইউ পি পি এল দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰী, ইউ পি পি এল দলৰ যুৱ গোটৰ প্ৰাক্তন সভাপতি ড০ ছাংগ্ৰাং ব্ৰহ্মই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে৷
উল্লেখ্য যে, সভাৰ পূৰ্বে কাজলগাঁওৰ আলাইখুংগ্ৰী পথাৰৰ পৰা কাজলগাঁও বজাৰলৈ এক সমদল উলিওৱা হয়৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত দিছপুৰ চলো যাত্ৰা শীৰ্ষক বিশাল সমদলত কেবাহাজাৰোধিক লোকে অংশ গ্ৰহণ কৰে ৷