কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত ধলাই ভাগা বজাৰত জব্দ হেৰ’ইন ভৰ্তি ১০ টা চাবোনৰ বাকচ।
কেইটাৰ পৰা মুঠ ১১৯.২০ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।
চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা কাছাৰৰ দিশে সৰবৰাহৰ সময়ত জব্দ কৰে হেৰ’ইন খিনি। হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা হেৰ’ইনৰ মূল্য কেইবা লাখ টকা বুলি জানিব পৰা গৈছে।