Share and Enjoy !

Shares

অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান। লক্ষীপুৰৰ CDSP পৃথ্বিৰাজ ৰাজখোৱাৰ নেতৃত্বত বিন্নাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান লক্ষীপুৰ আৰক্ষীৰ।

অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা হেৰ’ইন ভৰ্তি ১০ টা চাবোনৰ বাকচ জব্দ কৰে।

জব্দকৃত বাকচ কেইটাৰ পৰা মুঠ ৩২০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে।

জানিব পৰা মতে, এজন ড্ৰাগছ ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰিবলৈ অনাৰ সময়ত আৰক্ষীয়ে জব্দ কৰে হেৰ’ইন খিনি। জব্দ কৰা হেৰ’ইনৰ মূল্য কেইবা লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।

ইফালে ড্ৰাগছ সৰবৰাহৰ‌ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজন লক্ষীপুৰ কাপ্তানপুৰৰ ছাদিক আহমেদ লস্কৰ বুলি সদৰী কৰিছে আৰক্ষীয়ে। বৰ্তমান লক্ষীপুৰ থানাত জেৰা অব্যাহত ধৃত সৰবৰাহকাৰী জনক। ড্ৰাগছ খিনি চুবুৰীয়া ৰাজ্য মনিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *