Share and Enjoy !

Shares

কাছাৰ আৰক্ষীৰ চোৰাং সামগ্ৰীৰ বিৰুদ্ধে বৃহৎ সাফল্য ।বৰখলা থানাৰ‌ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ হুজুৰীৰ নেতৃত্বত আৰক্ষীয়ে শিলচৰ-হাফলং ৰাষ্ট্ৰীয় পথৰ বালাচৰা টোল গেটৰ ওচৰত এখন বাহনত তালাচী চলাই ২৮ বস্তা আফুগুটি আৰু ২৪০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰে। জব্দ কৰা আফু গুটি আৰু চুপাৰিৰ ওজন ক্ৰমে ডেৰ টন আৰু ১৯ টন ।

এই সামগ্ৰীখিনি জব্দ কৰাৰ পিছত আৰক্ষীয়ে হাইলাকান্দিৰ লালা, শ্ৰীভূমি জিলাৰ বদৰপুৰ আৰু কাছাৰৰ কালাইনত অভিযান চলায়। অভিযান কালত আৰক্ষীয়ে ৩৩ টন‌ বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা সামগ্ৰীসমূহৰ মূল্য কেইবা লাখ টকা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

এই চোৰাং সামগ্ৰী খিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জম্বু কাশ্মীৰৰ কুলবিন্দৰ কুমাৰ লালাৰ, জনাব আলি বৰভুঞাক আটক কৰে।

বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *