কাছাৰ আৰক্ষী আৰু অসম ৰাইফলছৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সাফল্য।
এক গোপন খবৰৰ ভিত্তিত শিলচৰ-কালাইন পথত আৰক্ষী আৰু অসম ৰাইফলছে অভিযান চলাই দুখন বাহনৰ পৰা বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰে
মিজোৰামৰ পৰা গুৱাহাটী অভিমুখী AS01 DR- 7027নম্বৰৰ হুণ্ডাই ক্ৰেটা আৰু AS 29-9335 নম্বৰৰ বলেৰ’ বাহন দুখনত তালাচী চলাই আৰক্ষীয়ে বাহন দুখনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰিছে হেৰ’ইন ভৰ্তি ৪৮ টা চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা মুঠ ৫৩৮ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়।
জব্দ কৰা হেৰ’ইনৰ মূল্য প্ৰায় ৩.২৫ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।