Share and Enjoy !

Shares

চন্দ্ৰপুৰৰ পানীখাইতি চোৰাং গৰু ভৰ্তি বাহন জব্দ।

ৰাইজে গৰু ভৰ্তি বাহনসহ দুজন লোকক পানীখাইতি আৰক্ষীক চমজাই দিয়ে ।

আৰক্ষীৰ হাতৰ পৰা পলায়ন  আচামী দুজন।

জানিব পৰা মতে, AS01RC1521 নম্বৰৰ বাহনখনে পানীখাইতিত অন্য এখন বাহনক খুন্দিব ওলোৱাত বাহনখনত থকা লোক সকলে গৰুভৰ্তি বাহনখন খেদি খেদি ধৰি বাহন সহ দুজন ব্যক্তিক পানীখাইতি আৰক্ষীক চমজাই দিয়ে ।

কিন্তু আৰক্ষীক চমজাই দিয়া গৰু চোৰ দুজন আৰক্ষীৰ হাতৰ পৰা অতি ৰহস্যজনক ভাবে পলায়ন কৰে।

ইপিনে আৰক্ষীয়ে AS01RC 1521 নম্বৰৰ বাহনখনৰ পৰা ১৪ টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *